আৰ্তনাদ
কবি:-শ্ৰীবলদেৱ তেলী(নাগ)
আশ্ৰয়হীনা,ভোকাতুৰ,ৰুগীয়াসোঁতোৰা মানুহ জাক
সকলোৱে শুই পৰাৰ পাছতো
ভোকৰ তাড়নাত সাৰে আছে
ৰাস্তাৰ কাষৰ আৱৰ্জনাত
বিছাৰি ফুৰে জীৱনৰ সংগ্ৰাম।
কোনোবাই অট্টাল্লিকাত,কোনোবাই দালানত
দিবা-সপ্নৰ সপোন পুৰণৰ
কুসুম শয্যাত নিদ্ৰাৰত।
এমুঠি অন্নৰ বাবে
মৃৰ্ত্যুৰ বিভীষিকা নেওচি
জীৱনৰ পৰিধি সলায়।
আমি হেনো বিশ্ব গুৰু....
প্ৰজন্মৰ পাছত প্ৰজন্ম
শুকান মৰহি যোৱা মানুহ জাক
যন্ত্ৰণাময় অন্ধকাৰক সাৱটি
ক্ষুধা,ভোকত নিনাদিত আৰ্তনাদ
শ্ৰোতা নাই ,দৰ্শক নাই
কেৱল শ্লোগান আৰু শ্লোগানেৰে
মুখৰিত আকাশ বতাহ
অচ্ছে দিন আয়েগা,অচ্ছে দিন আয়েগা
কোনেও নুশুনে,কোনেও নুবুজে
আৰ্তজনৰ হাহাকাৰ আৰ্তনাদ।।




0 Comments